Google Mapsৰ প্ৰকৃত ব্যৱহাৰকাৰীৰ অতিৰিক্ত সেৱাৰ চৰ্তাৱলী

শেষবাৰ সংশোধন কৰাৰ সময়: ৪ জুন, ২০২৫

Google Maps বা Google Maps Platformৰ সেৱাসমূহ একত্ৰিত কৰা যিকোনো তৃতীয় পক্ষৰ প্ৰ’ডাক্ট বা সেৱা ব্যৱহাৰ কৰি, আপুনি প্ৰকৃত ব্যৱহাৰকাৰী হিচাপে, এইসমূহ গ্ৰহণ কৰিবই লাগিব (১) Googleৰ সেৱাৰ চৰ্তাৱলী, আৰু (2) এই Google Mapsৰ অতিৰিক্ত সেৱাৰ চৰ্তাৱলী (“Mapsৰ অতিৰিক্ত চৰ্তাৱলী”)। Mapsৰ অতিৰিক্ত চৰ্তাৱলীত Google Maps/Google Earthৰ আইনী জাননী আৰু Google Maps/Google Earth APIসমূহ অন্তৰ্ভুক্ত।

অনুগ্ৰহ কৰি এই নথিসমূহৰ প্ৰতিখন মনোযোগেৰে পঢ়ক। এই নথিসমূহক একেলগে "চৰ্তাৱলী" বুলি কোৱা হয়। সেইসমূহে আপুনি আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰাৰ সময়ত আমাৰ পৰা কি আশা কৰিব পাৰে আৰু আমি আপোনাৰ পৰা কি আশা কৰোঁ সেইটো সাব্যস্ত কৰে।

যদি আপুনি নিজৰ ব্যৱসায়িক প্ৰ’ফাইল পৰিচালনা কৰিবলৈ Google Mapsত কেৱল বণিকৰ বাবে থকা সুবিধাসমূহ ব্যৱহাৰ কৰে, তেন্তে সেই ক্ষেত্ৰত https://support.google.com/business/answer/9292476ত থকা Google ব্যৱসায় প্ৰ’ফাইলৰ চৰ্তাৱলী প্ৰযোজ্য হয়।

আমি আপোনাক আমাৰ গোপনীয়তাৰ নীতি পঢ়িবলৈ উৎসাহিত কৰোঁ। আমমি কি তথ্য সংগ্ৰহ কৰোঁ, আমি সেয়া কিয় সংগ্ৰহ কৰোঁ আৰু আপুনি কেনেকৈ নিজৰ তথ্য আপডে’ট, পৰিচালনা, ৰপ্তানি কৰিব আৰি মচিব পাৰে, এইটোৱে সেয়া বৰ্ণনা কৰে।

  1. অনুজ্ঞাপত্ৰ। আপুনি এই চৰ্তাৱলী মানি থকালৈকে, Googleৰ সেৱাৰ চৰ্তাৱলীয়ে আপোনাক Google Maps ব্যৱহাৰ কৰিবলৈ অনুজ্ঞাপত্ৰ দিয়ে, আপোনাক এই কাৰ্যসমূহ কৰিবলৈ অনুমতি দিয়া সুবিধাসমূহকে ধৰি:

    1. মেপসমূহ চাওক আৰু টোকা প্ৰস্তুত কৰা;

    2. KML ফাইল আৰু মেপৰ স্তৰ সৃষ্টি কৰা; আৰু

    3. অনলাইনত, ভিডিঅ’ত আৰু প্ৰিণ্টত সঠিক এট্ৰিবিউশ্বনৰ সৈতে ৰাজহুৱাভাৱে সমল প্ৰদৰ্শন কৰা।

  2. Google Mapsৰ জৰিয়তে আপোনাক কৰিবলৈ অনুমতি দিয়া বিশেষ কামসমূহৰ বিষয়ে অধিক সবিশেষ জানিবলৈ, অনুগ্ৰহ কৰি Google Maps, Google Earth আৰু Street View ব্যৱহাৰ কৰাৰ অনুমতিৰ পৃষ্ঠাখন চাওক।

  3. নিষিদ্ধ আচৰণ। আপুনি এই ধাৰা ২ মানি চলাটো Google Maps ব্যৱহাৰ কৰাৰ অনুজ্ঞাপত্ৰ পোৱাৰ চৰ্ত। আপুনি Google Maps ব্যৱহাৰ কৰোঁতে, আপুনি এই কাৰ্যসমূহ কৰিব নালাগে (বা আপোনাৰ হৈ অন্য কাৰোবাক এইসমূহ কৰিবলৈ অনুমতি দিব নালাগে):

    1. Google Mapsৰ যিকোনো অংশ পুনৰ বিতৰণ বা বিক্ৰী কৰা বা Google Mapsৰ ভিত্তিত কোনো নতুন প্ৰ’ডাক্ট বা সেৱা সৃষ্টি কৰা;

    2. সমল প্ৰতিলিপি কৰা (যদি আপোনাক তেনে কৰিবলৈ Google Maps, Google Earth আৰু Street View ব্যৱহাৰ কৰাৰ অনুমতিৰ পৃষ্ঠাখনে বা "উচিত ব্যৱহাৰকে" ধৰি প্ৰযোজ্য বৌদ্ধিক সম্পত্তিৰ আইনে অনুমতি নিদিয়ে।);

    3. একেলগে বহুতো সমল ডাউনল’ড কৰা বা সমলৰ বহুতো ফীড সৃষ্টি কৰা (বা অন্য কাৰোবাক এনে কৰিবলৈ দিয়া);

    4. Google Mapsৰ বিকল্প কোনো সেৱাত বা এই সেৱাৰ সৈতে সম্পূৰ্ণ মিল থকা কোনো সেৱাত ব্যৱহাৰ কৰাৰ বাবে অন্য যিকোনো মেপিং সম্পৰ্কীয় ডেটাছেট (য’ত মেপিং বা নেভিগেশ্বনৰ ডেটাছেট, ব্যৱসায়িক সূচীৰ ডেটাবেছ, মেইল কৰাৰ সূচী বা টেলিমাৰ্কেটিঙৰ সূচী অন্তৰ্ভুক্ত) সৃষ্টি কৰিবলৈ Google Maps ব্যৱহাৰ কৰা; বা

    5. Android Autoৰ দৰে Googleএ প্ৰদান কৰা বিশেষ সুবিধাসমূহ বাদ দি ৰিয়েল-টাইমৰ নেভিগেশ্বন বা স্বয়ংক্ৰিয় বাহন নিয়ন্ত্ৰণৰ দৰে কাৰ্যৰ সৈতে সংযোগ থকা বা তেনে কাৰ্যৰ বাবে অন্য লোকৰ প্ৰ’ডাক্ট বা সেৱাৰ সৈতে Google Mapsৰ যিকোনো অংশ ব্যৱহাৰ কৰা।

  4. প্ৰকৃত অৱস্থা; বিপদাশংকাৰ অনুমান। আপুনি Google Mapsৰ মেপৰ ডেটা, ট্ৰেফিক, দিক্-নিৰ্দেশনা আৰু অন্য সমল ব্যৱহাৰ কৰোঁতে, আপুনি মেপত দেখুওৱা ফলাফল আৰু সমলতকৈ প্ৰকৃত অৱস্থা পৃথক পাব পাৰে, গতিকে নিজে সিদ্ধান্ত লওক আৰু নিজৰ দায়িত্বত Google Maps ব্যৱহাৰ কৰক। আপুনি সকলো সময়তে কৰা আপোনাৰ আচৰণ আৰু তাৰ পৰিণতিৰ বাবে আপুনি দায়বদ্ধ।

  5. Google Mapsত আপোনাৰ সমল। আপুনি আপল’ড কৰা, দাখিল কৰা, ষ্ট’ৰ কৰা, পঠিওৱা বা Google Mapsৰ জৰিয়তে পোৱা সমলখিনি Googleৰ সেৱাৰ চৰ্তাৱলীৰ অধীন, য’ত আপুনি “আপোনাৰ সমল ব্যৱহাৰ কৰাৰ অনুমতি” শাখাটোত থকা অনুজ্ঞাপত্ৰও অন্তৰ্ভুক্ত। অৱশ্যে, আপোনাৰ ডিভাইচটোত বিশেষভাৱে স্থানীয় হৈ থকা সমল (যেনে. স্থানীয়ভাৱে ষ্ট’ৰ কৰা KML ফাইল) আপল’ড কৰা নহয় বা Googleত দাখিল কৰা নহয় আৰু সেয়া সেই অনুজ্ঞাপত্ৰৰ অধীন নহয়।

  6. চৰকাৰী প্ৰকৃত ব্যৱহাৰকাৰী। যদি আপুনি কোনো চৰকাৰী সংস্থাৰ প্ৰতিনিধি হিচাপে Google Maps ব্যৱহাৰ কৰি আছে, তেন্তে তলৰ চৰ্তাৱলী প্ৰযোজ্য হয়:

    1. নিয়ন্ত্ৰণ কৰা আইন।

      1. আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয়ান ইউনিয়নৰ চহৰ বা ৰাজ্যসমূহৰ বাবে, নিয়ন্ত্ৰণ কৰা আইন আৰু অৱস্থান সম্পৰ্কীয় Googleৰ সেৱাৰ চৰ্তাৱলীৰ ধাৰাটো প্ৰযোজ্য নহ’ব।

      2. আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বাবে, নিয়ন্ত্ৰণ কৰা আইন আৰু অৱস্থান সম্পৰ্কীয় Googleৰ সেৱাৰ চৰ্তাৱলীৰ ধাৰাটোৰ ঠাইত এই চৰ্তাৱলী ৰখা হৈছে:

        “আইনৰ সংঘাতৰ প্ৰসংগ উল্লেখ নকৰাকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইনসমূহৰ অনুসৰি এই চৰ্তাৱলী পৰিচালনা আৰু ব্যাখ্যা আৰু বলৱৎ কৰা হ’ব। কেৱল মাত্ৰ যুক্তৰাষ্ট্ৰীয় আইনে অনুমতি দিয়া পৰ্যন্ত: (ক) যুক্তৰাষ্ট্ৰীয় আইন নাথাকিলে কেলিফৰ্নিয়াৰ আইন (কেলিফৰ্নিয়াৰ আইনৰ সংঘাতৰ নীতিসমূহ বাদ দি) প্ৰযোজ্য কৰা হ’ব; আৰু (খ) এই চৰ্তাৱলী বা Google Mapsৰ পৰা হোৱা যিকোনো বিবাদ বা ইয়াৰ সৈতে জড়িত কোনো বিবাদ কেলিফৰ্নিয়াৰ ছাণ্টা ক্লাৰা কাউণ্টিৰ যুক্তৰাষ্ট্ৰীয় আদালতত বিশেষভাৱে বিচাৰাধীন হ’ব আৰু পক্ষবোৰে এই আদালবোৰত ব্যক্তিগত ক্ষেত্ৰাধিকাৰত সন্মতি প্ৰদান কৰিছে।”

    2. আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ প্ৰতিবন্ধিত অধিকাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বাবে Google Mapsৰ আটাইবোৰ এক্সেছ বা ব্যৱহাৰ, Google Maps/Google Earth Legal Noticesৰ "আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ প্ৰতিবন্ধিত অধিকাৰ" শাখাটোৰ অধীন হয়।